Our Kiran By Assam Academy - অসম একাডেমীৰ দ্বাৰা আমাৰ কিৰণ

Assam Academy হৈছে বৰ্তমান অসমৰ এক আগশাৰী শিক্ষা বিভাগৰ ৱেবছাইট। য'ত সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায় হোৱাকৈ বিভিন্ন বিষয়ৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহেৰে ভৰা এক বিনামূলীয়া শিক্ষা বিভাগৰ অনলাইন মজিয়া। অসমীয়া সাহিত্যৰ ন-পুৰণি লেখক, কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ আৰু সাহিত্যক সকলৰ অমূল্য ৰচনাৱলীক চিনাকি কৰাই দিয়া আমাৰ Assam Academy ৰ ফালৰ পৰা এক নতুন উদ্দেশ্য গঢ়ি তুলিছোঁ৷

JOIN OUR TELEGRAM

Our Kiran By Assam Academy

Assam Academy Our Kiran শিতানৰ উদ্দেশ্যসমূহ আৰু বঁটাসমূহৰ বিষয়ে

Assam Academy (অসম একাডেমি) ৰ আমাৰ " Our Kiran" নামৰ সকলোৱে সহায় হোৱাকৈ নতুন শিতান এটি আগবঢ়াইছোঁ। যাৰ অৰ্থ হৈছে "আমাৰ পোহৰ"। এই শিতানত এক নতুন প্ৰয়াস অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক ইন্টাৰনেটৰ মাধ্যমেৰে বিশ্ববাসীৰ মাজত জিলিকাই তুলিবলৈ লোৱা ব্যৱস্হা হাত লোৱা হৈছে৷ অামাৰ এই তথ্যৰ ভাণ্ডাৰত য'ত আপোনালোকে আপোনালোকৰ বিভিন্ন ধৰণৰ তলত উল্লেখ কৰা ধৰণে লিখনি সমূহ আমাৰ ৱেবছাইটত প্ৰচাৰ কৰা লগতে আজীৱনৰলৈ সাঁচি ৰাখি সকলোৱে সহায় হোৱাকৈ পঢ়াব পাৰিব। 

বৰ্তমান সময়ত বহুত লোকক দেখা যায়, য'ত নেকি বহুত কষ্টৰে ভাবি-চিন্তি ভাল ভাল কবিতা, গল্প, কাহিনী ইত্যাদি ইত্যাদিবোৰ লিখি ফেচবুকৰ মজিয়াত পঢ়ুৱৈক পঢ়িবলৈ এৰি দিয়ে। বহুতৰে লিখনি বহুতে পঢ়িবলৈ ইচ্ছা কৰে। কিন্ত্ত সেই লেখকৰ লিখনি সমূহ এনেদৰে ফেচবুকত এৰি দিলে পঢ়িবলৈ বিচৰা পঢ়ুৱৈজনৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি তাক বিচাৰি পোৱাতো এক কঠিন কাম হৈ পৰে। হয়তো কেতিয়াবা অজানিতে, ফেচবুক একাউণ্টেই বন্ধ হৈ পৰিব পাৰে। এনে নোহোৱা নহয়, হয়তো বহুতৰে হয়ছেও।

কিমান ভাল ভাল সাঁচি ৰখা স্মৃতি হিচাপে লিখা লিখনিসমূহো নোহোৱা‍ হৈ গৈছে। হয় এনে হ'লে সেই সময়ত মনত বহুত বেয়া লাগে। সেইয়ে ভাবি আমি প্ৰতিজন লেখক-লেখিকাৰ প্ৰতিটো লিখনিয়ে আমি অামাৰ ৱেবছাইটত সংগ্ৰহ কৰি ৰাখিবলৈ এই ব্যৱস্হা হাতত লৈছোঁ। 

ধৰি লওঁক কেতিয়াবা আপোনালোকৰ লিখনি সমূহ পঢ়িবলৈ বিচৰা পঢ়ুৱৈজনে Google ত উদাহৰণ হিচাপে, "পৰাগ শইকীয়া কবিতা নাইবা গল্প, কাহিনী, লিখনি...." এনেদৰে Search কৰি কোনো কষ্ট নোহোৱাকৈ আপোনালোকৰ লিখনিসমূহ পঢ়িবলৈ পাৰিব। নাইবা আপোনালোকে আপোনালোকৰ লিখনিসমূহ পঢ়িবলৈ বিচৰা পঢ়ুৱৈক Google ত ওপৰত কোৱা দৰে লিখি Search কৰি পঢ়িবলৈ ক'ব পাৰে। এই ক্ষেত্ৰত সকলোৱে লিখনি Google ত অহাটো ভাগ্যৱান হোৱাটো খাটাং।

এতিয়া Assam Academy ৰ মাধ্যমেৰে আপোনালোকৰ লিখনি সমূহ অতি সহজতেই আমাৰ পাঠক-পাঠিকা সকলৰ আগত উপস্থাপন কৰিব পাৰিব৷

আমাৰ Assam Academy ৰ শিতানটিত আমি সংৰক্ষণ আৰু সজীৱ কৰিব বিচৰা তথ্যসমূহ হৈছে তলত দিয়া ধৰণৰ -

১) কবিতা

২) গল্প, শিশু গল্প

৩) জ্ঞানমূলক, বুৰঞ্জীমূলক কাহিনী

৪) স্কুল-কলেজৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ।

৫) কুইজ 

৬) ছাত্ৰ-ছাত্ৰীসকলে অঁকা ছবিৰ লগতে কবিতা, গল্প ইত্যাদিসমূহো দিব পাৰিব।

৭) অসমীয়া সাহিত্যত বিশেষ বৰঙণি যোগাই থৈ যোৱা বিশিষ্ট সাহিত্যক সকলৰ জীৱনী, স্বাস্হ্য

৮) ৰচনাৱলী অসমীয়া সমাজৰ কিছুমান জলন্ত সমস্যা আৰু এইবিলাকৰ সমাধানৰ বিষয়ে যিবোৰ সংৰক্ষণৰ অভাৱত এতিয়া প্ৰায় লুপ্ত অৱস্থাত। 

৯) অসমীয়া সমাজৰ কিছুমান জলন্ত সমস্যা আৰু এইবিলাকৰ সমাধানৰ বিষয়ে৷

১০) আপোনাৰ গাঁওখনৰ বিৱৰণি লিখি পঠিয়াৱ পাৰিব আৰু বিশ্ববাসীৰ আগত আমাৰ ৱেব'ছাইটটিৰ মাধ্যমেৰে আপোনাৰ ধুনীয়া গাঁওখনিৰ পৰিচয় দাঙি ধৰিব পাৰিব, প্ৰয়োজন অনুসৰি দিব পাৰিব আলোকচিত্ৰ।

এই শিতানটিলৈ আপোনালোকৰ সহায়-সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ৷

বৰ্তমান সময়ত বিশ্বত যিটো ই (Electronic) বিপ্লৱৰ সূচনা হৈছে, তালৈ লক্ষ্য ৰাখিয়েই অসমীয়া ভাষা আৰু সাহিত্যক বিশ্ববাসীৰ মাজত ইন্টাৰনেটৰ মাধ্যমেৰে জনপ্ৰিয় কৰি তুলাটোৱেই "Assam Academy" অন্য এটা মূল উদ্দেশ্য৷ ইয়াৰ বাবে আমি পাঠক-পাঠিকা আৰু শুভাকাংশী সকলৰ সহায় আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ৷

অনুগ্ৰহ কৰি শেষত মন কৰিব - 

লিখনিসমূহৰ বানান শুদ্ধ হোৱা লগতে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পঠাব পাৰিব। কোনো মাধ্যমৰ পৰা কপি হোৱা হ'ব নালাগিব। অজানিতে কপি হোৱা বুলি কিছুলোকে দাবী কৰিলে আমি তেনে ক্ষেত্ৰত জগৰীয়া নহওঁ। আগতে ফেচবুক মজিয়াত নাইবা যিকোনো সামাজিক মাধ্যমত প্ৰচাৰ কৰা লিখনিসমূহ আমি গ্ৰহণ নকৰোঁ। 

লিখনি সমূহ assamacademy2022@gmail.com ৰ যোগেদি পঠাব লাগিব। নাইবা 8638587417 নম্বৰত WhatsApp কৰি পঠাব পাৰিব। লিখনিসমূহৰ নিজৰ নাম-ঠিকনা সৈতে পঠাব লাগিব।

আমি বাচনি কৰা অনুসৰি লিখনিসমূহৰৰ বিষয় অনুযায়ী লিখক-লেখিকাসকলক প্ৰতিবছৰে আমাৰ Assam Academy ৰ ফালৰ পৰা আগবঢ়োৱা বঁটাসমূহৰ বিষয়ে নামকৰণ কৰা লগতে চিনাকি পৰ্ব অতিসোনকালে আপোনালোকৰ মাজৰলৈ লৈ আনিম। তথা কোনজন লেখক-লেখিকাসকলক কি নামৰ বঁটা নামেৰে আমি সম্ভাষণ জনাম, তাৰ সৈতে কি কি থাকিব এই বিষয়ে আমি আপোনালোকৰ লিখনিসমূহ পাই থকা মাজতে জনাম। 

ধন্যবাদেৰে - 

Team Assam Academy (www.assamacademy.com)


Post a Comment

Previous Post Next Post