প্ৰশ্ন ১। শুদ্ধ উত্তৰটো লিখা -
ক) কোনটো অঞ্চলত জনসংখ্যা আটাইকৈ বেছি -
i) নিৰক্ষীয় অঞ্চল
ii) উত্তৰ মেৰু
iii) পূৱ এছিয়া
iv) আফ্ৰিকাৰ চাহাৰা মৰুভূমি
উত্তৰ:- iii) পূৱ এছিয়া
খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক -
i) ইউৰোপ
ii) আফ্ৰিকা
iii) এছিয়া
iv)আষ্ট্ৰেলিয়া
উত্তৰ:- iii) এছিয়া
গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল -
i) ২.২৪ কোটি
ii) ৩.১২ কোটি
iii) ২.৩৫ কোটি
iv) ২.৪৬ কোটি
উত্তৰ:- ii) ৩.১২ কোটি
ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্হায়ী বসতি নাই -
i) এছিয়া
ii) দক্ষিণ আমেৰিকা
iii) কুমেৰু বা এণ্টাৰ্কটিকা
iv) ইউৰোপ
উত্তৰ:- iii) কুমেৰু বা এণ্টাৰ্কটিকা
প্ৰশ্ন ২। খালী ঠাই পূৰ কৰা -
ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ __ বৃদ্ধিক বুজায়।
উত্তৰ:- সংখ্যাগত।
খ) পৃথিৱীৰ বেছিভাগ মানুহে __ গোলাৰ্ধত বসতি কৰে।
উত্তৰ:- পূৱ।
গ) প্ৰতি বৰ্গমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ __ ।
উত্তৰ:- ঘনত্ব।
ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ __ বোলে।
উত্তৰ:- লক্ষ্যস্হান।
প্ৰশ্ন ৩। চমু টোকা লিখা -
ক) মানৱ সম্পদৰ উন্নয়ন
মানৱ সম্পদ সমাজ তথা দেশৰ উন্নয়নৰ ভেটি সদৃশ। মানৱ সম্পদক উপযুক্ত ভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বোলে। মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য হৈছে - কৰ্মকুশলতা, উৎপাদমুখী দক্ষতা, জ্ঞান-বুদ্ধি আদি। মানুহৰ গুণগত উৎকৰ্ষ সাধনেই হৈছে মানৱ সম্পদৰ উন্নয়ন। মানৱ সম্পদৰ উন্নয়ন কৰিবলৈ হ'লে চৰকাৰৰ উপযুক্ত আঁচনি থকাটো আৱশ্যক। মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত হৈছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, উপযুক্ত কৰ্মসংস্হান, শিক্ষা, স্বাস্হ্য আদিৰ ব্যৱস্হা যথাযথভাৱে নিশ্চিত কৰা। দেশৰ জনসংখ্যাৰ গুণগত বিকাশ হ'লে মানৱ সম্পদৰ উন্নয়ন হোৱা বুলি ক'ব পাৰি। দেশৰ মানৱ সম্পদৰ উন্নয়ন হ'লে দেশখন উন্নয়নৰ পথত অগ্ৰসৰ হয়।
খ) জনসংখ্যাৰ থূপীকৰণ
কোনো কোনো অঞ্চলত মানুহৰ বসতি অতি ঘন হ'বলৈ ধৰা প্ৰক্ৰিয়াকে জনসংখ্যাৰ থূপীকৰণ বা কেন্দ্ৰীভৱন (Population Concentration) বোলে। জনসংখ্যাৰ থূপীকৰণ হোৱাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে - কৃষিকাৰ্যৰ সুবিধা, পৰিবহণ আৰু যোগাযোগ ব্যৱস্হাৰ সুবিধা, ব্যৱসায়-বাণিজ্য, শিক্ষা, স্বাস্হ্য আৰু উদ্যোগৰ সুবিধা, কৰ্ম সংস্হানৰ সুবিধা আদি। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলসমূহত জনসংখ্যাৰ থূপীকৰণ হোৱা দেখা যায়। অৰ্থাৎ যিবিলাক ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত জনবসতি অতি ঘন হয় তেনেবোৰ ঠাইত জনসংখ্যাৰ থূপীকৰণ ঘটা বুলি ক'ব পাৰি।
জনসংখ্যাৰ থূপীকৰণৰ ভিত্তিত পৃথিৱীৰ চাৰিটা বিশেষ চিনাক্ত কৰা হৈছে। সেয়া হ'ল - পূৱ এছিয়া, দক্ষিণ-পূৱ এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৰ্ব উপকূলীয় অঞ্চল। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭৫ শতাংশ লোকে এই চাৰিটা ঘন জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰে।
গ) জনসংখ্যাৰ বিস্ফোৰণ
অত্যধিক হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ আকাৰত জনসংখ্যাৰ বিস্ফোৰণ বোলে। অৰ্থাৎ জনসংখ্যা বিস্ফোৰণ মানে হৈছে উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধি। জনবিস্ফোৰণৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হয়। অৱশ্যে জনসংখ্যা বৃদ্ধিৰ লগে লগে যদি খাদ্য সামগ্ৰী আৰু জনমুৰি আয় বৃদ্ধি পায় তেনেহ'লে জনবিস্ফোৰণ বিশেষ সমস্যা বুলি ক'ব নোৱাৰি।
জনবিস্ফোৰণৰ ফলত বহুতো অসুবিধাৰ সৃষ্টি হয়। সেইবোৰ হৈছে - অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি, প্ৰয়োজনীয় সুবিধা বৃদ্ধিৰ খৰচ, নিবনুৱা সমস্যা বৃদ্ধি, খেতিৰ মাটিৰ নাটনি, অত্যাৱশ্যকীয় বস্ত্ত আমাদানি, পৰিৱেশ দূষিতকৰণ আদি। জনসংখ্যা বিস্ফোৰণৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্মৰ হাৰ আৰু নিম্ন মৃত্যুৰ হাৰৰ লগতে জন-প্ৰব্ৰজন।
সম্প্ৰতি জনবিস্ফোৰণ হৈছে পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায়। জনসংখ্যা বিস্ফোৰণৰ ফলস্বৰূপে পৰিৱেশৰ ভাৰসাম্যৰ অবনতি ঘটাৰ লগতে খাদ্য সংকট, মূল্যবৃদ্ধি, বাসস্হানৰ অভাৱ আদিৰ দৰে সমস্যাৰ উদ্ভৱ হৈছে। জনবিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নত বাধাৰ সৃষ্টি কৰে।
প্ৰশ্ন ৪। বহলাই লিখা (৮০ টা মান শব্দৰ ভিতৰত) -
জন-প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন-প্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ?
উত্তৰ:- মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্হান ত্যাগ কৰি অন্য এখন নতুন স্হানত গৈ স্হায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জন-প্ৰব্ৰজন বোলে।
জন-প্ৰব্ৰজনৰ কাৰণসমূহ হৈছে - যুদ্ধবিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখনীয়া, খাদ্য-সংকট, ৰাজনৈতিক সংকট আদি। আকৌ জন-প্ৰব্ৰজনৰ আকৰ্ষণমূলক কাৰণসমূহ হৈছে - উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্হাপন, নিৰাপদ জীৱনযাপন, উন্নত স্বাস্হ্য সেৱা, উদ্যোগ, কাৰখানা, নিমাৰ্ণ কাৰ্য আদিত নিয়োগৰ সুবিধা আদি।
জন-প্ৰব্ৰজনৰ ফলত পূৰ্বৰ বাসস্হান আৰু নতুন বাসস্হানৰ পৰিৱৰ্তন ঘটে। জন-প্ৰব্ৰজনে জনগাঁথনি আৰু আকাৰৰ পৰিৱৰ্তন ঘটায় আৰু ইয়ে জনসংখ্যাৰ আকাৰ, গাঁথনি, বিতৰণ আৰু বিকাশৰ হাৰ নিৰ্ধাৰণ কৰে। অধিক পৰিমাণৰ জন-প্ৰব্ৰজনে নিবনুৱা সমস্যা, গোষ্ঠীগত সংঘৰ্ষ আদিৰ সৃষ্টি কৰে। উন্নয়নশীল দেশত জন-প্ৰব্ৰজনে সামাজিক ক্ষেত্ৰত এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰে।
প্ৰশ্ন ৫। প্ৰকল্প কাৰ্য -
তোমাৰ গাঁও বা নগৰত কি কি সা-সুবিধাৰ বাবে জনসংখ্যাৰ বৃদ্ধি ঘটিছে নিৰ্ণয় কৰা।
উত্তৰ:- তোমাৰলোক সকলোৱে এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ নিজে নিজে চেষ্টা কৰা। যিহেতু তোমাৰলোকৰ সকলোৱে গাঁও বা নগৰৰ সা-সুবিধাসমূহ বেলেগ বেলেগ।
পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
প্ৰশ্ন ১। জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা?
উত্তৰ:- এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকেই জনসংখ্যাৰ বৃদ্ধি বুলি বুজোঁ।
প্ৰশ্ন ২। জনসংখ্যাৰ গুণগত বিকাশ মানে কি?
উত্তৰ:- জনসংখ্যাৰ গুণগত বিকাশ মানে হৈছে মানৱ সম্পদৰ বিকাশ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সু-স্বাস্হ্য, উপযুক্ত কৰ্মসংস্হাপন আদিৰ ব্যৱস্হা উপযুক্তভাৱে গঢ়ি তোলাই হৈছে মানৱ সম্পদৰ বিকাশ নাইবা জনসংখ্যাৰ গুণগুত বিকাশ।
প্ৰশ্ন ৩। জনসংখ্যাৰ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে?
উত্তৰ:- জনসংখ্যাৰ বৃদ্ধিয়ে খাদ্যৰ নাটনি, খোৱা পানী, দ্ৰব্যমূল্য বৃদ্ধি, বাসস্হান, শিক্ষা, স্বাস্হ্য আদি সমস্যাৰ সৃষ্টি কৰে।
প্ৰশ্ন ৪। জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা লিখা।
উত্তৰ:- পৃথিৱীৰ বিভিন্ন ঠাইত ঘন বা পাতলীয়াকৈ মানুহে বসবাস কৰি থকাকে জনসংখ্যাৰ বিতৰণ বুলি বুজোঁ।
প্ৰশ্ন ৫। জনসংখ্যাৰ বিতৰণৰ ওপৰত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় উল্লেখ কৰা।
উত্তৰ:- জনসংখ্যাৰ বিতৰণৰ ওপৰত কোনবোৰ কাৰকে প্ৰভাৱ পেলোৱা কাৰকসমূহ হৈছে -
ক) উদ্যোগিক বিকাশ আৰু নগৰীকৰণ।
খ) দেশৰ শাসন প্ৰণালী আৰু ধৰ্মনিৰপেক্ষ নীতি।
গ) স্হলভাগৰ গঠন বা আকৃতি।
ঘ) পৰ্যাপ্ত পৰিমাণৰ পানীৰ অৱস্হিতি।
ঙ) প্ৰাকৃতি সম্পদৰ প্ৰাচুৰ্যতা।
চ) ঠাইখনৰ জলবায়ু আৰু মাটিৰ স্বাভাৱিক উৰ্বৰতা।
প্ৰশ্ন ৬। জনবসতিৰ কেন্দ্ৰীভৱন বা থূপীকৰণ বুলিলে কি বুজা উদাহৰণেৰে সৈতে লিখা।
উত্তৰ:- কোনো অঞ্চলত মানুহৰ বসবাস অতি ঘন হ'বলৈ ধৰা প্ৰক্ৰিয়াটোকে জনবসতিৰ কেন্দ্ৰীভৱন বা থূপীকৰণ বুলি বুজোঁ।
উদাহৰণস্বৰূপে, নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ উপযোগী হোৱাৰ লগতে এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধা সহজে উপলব্ধ হয়। এনে অঞ্চলত মাছ ধৰা বৃত্তি আৰু যাতায়তৰ সুবিধা থকা বাবে জনবসতি ঘন হয়। এনেদৰে জনবসতি ঘন হৈ পৰাকে অঞ্চলটোত জনসংখ্যাৰ থূপীকৰণ হোৱা বুলি কোৱা হয়।
প্ৰশ্ন ৭। ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যা দূৰ কৰাৰ কাৰণে কেনেধৰণৰ বিকল্প লোৱা হৈছে উল্লেখ কৰা।
উত্তৰ:- জনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যা আঁতৰ কৰাৰ কাৰণে অৱলম্বন কৰা বিকল্প ব্যৱস্হাসমূহ হৈছে - ঠাইৰ অভাৱত বাসগৃহ, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, চিকিৎসালয় আদিৰ বাবে উচ্চ অট্টালিকা নিমাৰ্ণ কৰা, পৰিবহণ ব্যৱস্হা সূচল কৰাৰ অৰ্থে মাটিৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কৰা, উৰণীয়া সেতুৰ ব্যৱস্হা কৰা, ডাঙৰ-ডাঙৰ শ্বপিং ম'লত বজাৰৰ ব্যৱস্হা কৰা আদি।
প্ৰশ্ন ৮। জন-প্ৰব্ৰজন বুলিলে কি বুজা? কোন কাৰণত জন-প্ৰব্ৰজন ঘটে লিখা।
উত্তৰ:- মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্হান ত্যাগ কৰি অন্য এখন নতুন স্হানত গৈ স্হায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জন-প্ৰব্ৰজন বুলি বুজোঁ।
জন-প্ৰব্ৰজন প্ৰধানকৈ দুটা কাৰকৰ ফলত সংঘটিত হয়। সেয়া হৈছে - বিকৰ্ষণমূলক কাৰক আৰু আকৰ্ষণমূলক কাৰক।
বিকৰ্ষণমূলক কাৰকসমূহ হৈছে - যুদ্ধবিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকটৰ লগতে দৰিদ্ৰতা, নিবনুৱা সমস্যা, নিম্ন মজুৰি, অনিশ্চিত মজুৰি, শিক্ষাৰ অভাৱ, স্বাস্হ্য আৰু অন্যান্য সা-সুবিধাৰ অভাৱ আদি।
জন-প্ৰব্ৰজনৰ আকৰ্ষণমূলক কাৰকসমূহ হৈছে - জীৱনধাৰণৰ উন্নত সা-সুবিধা, সু-শিক্ষা ব্যৱস্হা, উন্নত স্বাস্হ্য সেৱা, সুনিয়োগ ব্যৱস্হা তথা উচ্চহাৰৰ মজুৰি আদি।
প্ৰশ্ন ৯। প্ৰব্ৰজনৰ উৎসস্হান আৰু লক্ষ্যস্হানে কি বুজাই লিখা।
উত্তৰ:- প্ৰব্ৰজনকাৰীসকলে যি স্হানৰপৰা যায় বা গতি কৰে সেই ঠাইক প্ৰব্ৰজনৰ উৎসস্হান (Place of Origin) বুলি কোৱা হয়।
আনহাতে, প্ৰব্ৰজনকাৰীসকলে যিখন নতুন ঠাইত গৈ বসবাস কৰিবলৈ লয় তাক প্ৰব্ৰজনৰ লক্ষ্যস্হান (Place of Destination) বুলি কোৱা হয়।
প্ৰশ্ন ১০। জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজাই লিখা।
উত্তৰ:- উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধি হোৱাকে জনসংখ্যা বিস্ফোৰণ (Population Explosion) বুলি ক'ব পাৰি। জনসংখ্যাৰ বিস্ফোৰণ হৈছে জনসংখ্যাৰ অভাৱনীয় পৰিৱৰ্তন বা বৃদ্ধি। জনসংখ্যা বিস্ফোৰণৰ মূল কাৰণ হৈছে উচ্চ জন্মৰ হাৰ আৰু নিম্ন মৃত্যুৰ হাৰৰ লগতে জন-প্ৰব্ৰজন। সাম্প্ৰতিক সময়ত চিকিৎসা ব্যৱস্হাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণ হোৱা লগতে বেমাৰ-আজাৰ উন্নত চিকিৎসাৰে নিৰাময় হোৱাত মৃত্যুৰ হাৰ নিম্নগামী হৈছে। কিন্ত্ত জন্মৰ হাৰ আশা কৰা ধৰণে নিয়ন্ত্ৰণ নোহোৱাৰ ফলত জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে আৰু ইয়ে জনবিস্ফোৰণৰ সৃষ্টি কৰিছে।
প্ৰশ্ন ১১। জনসংখ্যা বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি?
উত্তৰ:- জনসংখ্যা বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ হৈছে -
ক) অত্যাৱশ্যকীয় বস্ত্ত আমদানি।
খ) বাসস্হানৰ অভাৱ আৰু খেতি মাটিৰ নাটনি।
গ) পৰিৱেশৰ ভাৰসাম্যৰ অবনতি আৰু পৰিৱেশ প্ৰদূষণ।
ঘ) সংস্হাপনহীনতা তথা নিবনুৱা সমস্যা বৃদ্ধি।
ঙ) খাদ্য সংকট আৰু মূল্যবৃদ্ধি।
চ) শিক্ষা আৰু স্বাস্হ্যৰ সমস্যা।
ছ) মানৱ সম্পদ উন্নয়নত সৃষ্টি কৰা সমস্যা আৰু
জ) প্ৰয়োজনীয় সুবিধা বৃদ্ধিৰ খৰচ।
প্ৰশ্ন ১২। কি কি গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক'ব পাৰি?
উত্তৰ:- মানুহৰ বুদ্ধি বৃত্তি, কাৰিকৰী কৌশল, শিক্ষা আৰু কৰ্মদক্ষতাৰ গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক'ব পাৰি।
প্ৰশ্ন ১৩। সুদক্ষ সম্পদৰ অভাৱে দেশ এখনক কি কি দিশত দুৰ্বল কৰে?
উত্তৰ:- সুদক্ষ সম্পদৰ অভাৱে দেশ এখনক অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত দুৰ্বল কৰে।
প্ৰশ্ন ১৪। আনবোৰ সম্পদকৈ মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ আখ্যা দিয়া হৈছে কিয়?
উত্তৰ:- মানুহে প্ৰকৃতিত পোৱা বিভিন্ন সম্পদসমূহৰ ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত নিজৰ বিচাৰ-বুদ্ধি, কৌশল খটুৱাই এই সম্পদবোৰৰ উৎকৰ্ষ সাধন কৰিব পাৰে। এনে ধৰণৰ বিচাৰ বিবেচনাৰ দ্বাৰা মানুহে নিজৰ দেশখন প্ৰগতিৰ পথত আগুৱাই নিব পাৰে বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি আখ্যা দিয়া হৈছে।
প্ৰশ্ন ১৫। আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ হকে কেনেধৰণৰ ব্যৱস্হা লোৱা হৈছে উল্লেখ কৰা।
উত্তৰ:- আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ হকে চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে। মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসস্হানৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, চিকিৎসা সেৱাৰ লগতে কৰ্মসংস্হাপনৰ ব্যৱস্হা কৰিছে। দেশৰ চৰকাৰে দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলৰ কল্যাণৰ হকে সুলভ মূল্যত খাদ্যবস্ত্ত যোগান ধৰাৰ লগতে বিনামূলীয়কৈ বাসগৃহ দিয়াৰ ব্যৱস্হা কৰিছে, ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়াৰ উপৰিও বিশেষ জলপানি দিয়াৰ ব্যৱস্হা কৰিছে।
প্ৰশ্ন ১৬। আমাৰ দেশৰ মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰবণতা বৃদ্ধি পোৱাৰ কাৰণ কি ভাৱা লিখা।
উত্তৰ:- আমাৰ দেশৰ মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধিৰ মূল কাৰণ হৈছে উচ্চ শিক্ষা লাভ, কৰ্মসংস্হাপন আদিৰ সুযোগ গ্ৰহণ কৰা আদি। আকৌ মুক্ত বাণিজ্য, কাৰিকৰী দিশত দক্ষ লোকসকলৰ নিযুক্তিৰ সুবিধা আদিৰ বাবেও আমাৰ দেশৰ মানৱ সম্পদ বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।
লগতে পঢ়া -
Post a Comment