প্ৰাচীন অসমৰ প্ৰশ্নত্তোৰ সমূহ / অসম বুৰঞ্জীৰ কুইজ / অসমৰ ইতিহাসৰ কুইজ

    প্ৰত্যেক দেশৰ দৰে আমাৰ দেশ ভাৰততো প্ৰত্যেক বছৰে বহু চৰকাৰী চাকৰি ওলাই থাকে। যেনে-আৰ্মি, পুলিচ, বেংক, ৰে'লৱে আদিত। এই বিভিন্ন ক্ষেত্ৰত চাকৰীৰ বাবে হাজাৰ হাজাৰ লৰা-ছোৱালীয়ে আবেদন কৰে। তাৰ বাবে অশেষ প্ৰস্তুুতি চলাই। তাৰ ভিতৰত কিছু প্ৰাৰ্থীহে সফল হয় আৰু কিছু প্ৰাৰ্থী বাৰে বাৰে বিফল হৈ আশা ভাঙি যায় চাকৰিৰ প্ৰতি। বিফল হোৱাৰ কাৰণ চাবলৈ গ'লে দুটাই কাৰণ  দেখা পোৱা যায় হয়তো তেওঁ কষ্ট কৰিব নুখুজে অথবা তেওঁৰ জ্ঞান সীমিত/সামান্য।                                                            

  কিছু লোকে বিশ্বাসও কৰি লোৱা দেখা যায় যে চৰকাৰী চাকৰি সকলোৰে ভাগ্যত নাথাকে। কিন্তুু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। সেয়েহে কোনো এটা পৰীক্ষা দিয়াৰ আগত যদি আপুনি পদটোৰ কাৰণে কি কৰিব লাগিব কেনেকুৱা প্ৰশ্ন আহিব আটাইবোৰ কথাৰ ওপৰত গুৰুত্ত্ব দি আগবাঢ়ে তেনেহ'লে নিশ্চয় সফল হ'ব পাৰিব। যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে আপুনি এটা বিষয়ত বেছিকৈ গুৰুত্ব দিয়া উচিত সেইটো হ'ল সেই পৰীক্ষাত আহিব লগীয়া প্ৰশ্নত্তোৰ সমূহ।                                                 

  সেয়ে সকলো আবেদন প্ৰাৰ্থীক আগত ৰাখি আমি আপোনালোকৰ সুবিধাৰ বাবে কিছুমান জানিবলগীয়া অসম বুৰঞ্জীৰ প্ৰশ্নৰ উত্তৰ সমূহ ১৫ টা কৈ ভাগ ভাগ কৰি এই ৱেৱছাইটোৰ জৰিয়তে জনাব বিছাৰিছোঁ। যিটো পঢ়ি আপুনি কিছু পৰিমাণে হলেও সুবিধা তথা উপকৃত হ'ব পাৰিব। আমাৰ এই প্ৰশ্নত্তোৰ সমূহ যিমান পাৰে শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও এই প্ৰশ্নত্তোৰ সমূহৰ দ্বাৰা উপকৃত হয়।

প্ৰাচীন অসমৰ প্ৰশ্নত্তোৰ সমূহ / অসম বুৰঞ্জীৰ কুইজ / অসমৰ ইতিহাসৰ কুইজ



১. পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছেলি?

ক) তিনিটা

খ) চাৰিটা

গ) পাঁচটা 

ঘ) ছয়টা



উত্তৰ:- খ) চাৰিটা।

২. অসমৰলৈ ইংৰাজ সকল কেতিয়া আহিছিল?

ক) ১৭৫৬ চনত

খ) ১৭৬০ চনত

গ) ১৭৬২ চনত

ঘ) ১৭৬৫ চনত



উত্তৰ:- ঘ) ১৭৬৫ চনত।

৩. কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল?

ক) ১৭৪০ চনত

খ) ১৭৪৮ চনত

গ) ১৭৫১ চনত

ঘ) ১৭৬২ চনত



উত্তৰ:- গ) ১৭৫১ চনত।

৪. কোনজন ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল?

ক) স্বৰ্গদেউ প্ৰমত্ত সিংহ

খ) স্বৰ্গদেউ প্ৰতাপ সিংহ 

গ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ

ঘ) স্বৰ্গদেউ শিৱ সিংহ



উত্তৰ:- গ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ।

৫. জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?

ক) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ

খ) স্বৰ্গদেউ শিৱ সিংহ 

গ) স্বৰ্গদেউ লক্ষ্মী সিংহ

ঘ) স্বৰ্গদেউ ৰুদ্ৰ সিংহ 



উত্তৰ:- ঘ) স্বৰ্গদেউ ৰুদ্ৰ সিংহ।

৬. কিমান চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল?

ক) ১৯৩৬ চনত

খ) ১৯৪০ চনত

গ) ১৯৪২ চনত

ঘ) ১৯৪৮ চনত



উত্তৰ:- গ) ১৯৪২ চনত।

৭. অহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

ক) প্ৰায় ৬০০ বছৰ

খ) প্ৰায় ৭০০ বছৰ

গ) প্ৰায় ৯০০ বছৰ

ঘ) প্ৰায় ১২০০ বছৰ



উত্তৰ:- ক) প্ৰায় ৬০০ বছৰ।

৮. আহোমৰ প্ৰথম ৰজা জনৰ নাম কি?

ক) চাওঁলুংমুং

খ) চুকাফা

গ) চুহুংমুং

ঘ) চেংলোং



উত্তৰ:- চুকাফা।

৯. আহোম সকলে চৰাইদেউত কেতিয়া ৰাজধানী পাতিছিল?

ক) ১২৫২ খ্ৰীষ্টাব্দত

খ) ১২৫৩ খ্ৰীষ্টাব্দত

গ) ১২৫৬ খ্ৰীষ্টাব্দত

ঘ) ১২৬০ খ্ৰীষ্টাব্দত



উত্তৰ:- খ) ১২৫৩ খ্ৰীষ্টাব্দত।

১০. মিৰজুমলাই অসম আক্ৰমণ কেতিয়া কৰিছিল?

ক) ১৬৫৬ খ্ৰীষ্টাব্দত

খ) ১৬৬২ খ্ৰীষ্টাব্দত

গ) ১৬৬৫ খ্ৰীষ্টাব্দত

ঘ) ১৬৭২ খ্ৰীষ্টাব্দত



উত্তৰ:- খ) ১৬৬২ খ্ৰীষ্টাব্দত।

১১. পাল বংশ কোনে প্ৰতিষ্ঠা কোনে কৰিছিল?

ক) বিশ্ব সিংহ

খ) ব্ৰহ্ম পাল

গ) হৰ্ষৱৰ্ধন 

ঘ) নৰনাৰায়ণ



উত্তৰ:- খ) ব্ৰহ্ম পাল।

১২. কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল?

ক) ১৫১৫ খ্ৰীষ্টাব্দত

খ) ১৫২২ খ্ৰীষ্টাব্দত

গ) ১৫২৬ খ্ৰীষ্টাব্দত

ঘ) ১৫৩০ খ্ৰীষ্টাব্দত



উত্তৰ:- ক) ১৫১৫ খ্ৰীষ্টাব্দত।

১৩. ইটাৰখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

ক) মান আৰু আহোম সকলৰ মাজত হৈছিল

খ)আহোম আৰু ইংৰাজ সকলৰ মাজত হৈছিল

গ) আহোম আৰু মোগল সকলৰ মাজত হৈছিল

ঘ) ওপৰৰ এটাও উত্তৰ শুদ্ধ নহয়



উত্তৰ:- গ) ‍আহোম আৰু মোগল সকলৰ মাজত হৈছিল।

১৪. কিমান চনত ব্ৰিটিছ সকলে নামনি অসম অধিকাৰ কৰিছিল?

ক) ১৮১৬ চনত

খ) ১৮২০ চনত

গ) ১৮২২ চনত

ঘ) ১৮২৪ চনত



উত্তৰ:- ঘ) ১৮২৪ চনত। 

১৫. প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল?

ক) চৰাইদেউ

খ) উত্তৰ গুৱাহাটী

গ) শিৱসাগৰ

ঘ) শোণিতপুৰ 



উত্তৰ:- খ) উত্তৰ গুৱাহাটী।


(সংগৃহীত তথ্য)


অসম বুৰঞ্জীৰ প্ৰশ্ন আৰু উত্তৰ সমূহ ভাগ-১ ---Click

Post a Comment

Previous Post Next Post