অসমৰ সাধাৰণ জ্ঞান ২০২১ / অসমৰ সাধাৰণ জ্ঞান / সাধাৰণ জ্ঞান ২০২১ / সাধাৰণ জ্ঞান / অসম কুইজ ২০২১ / অসম কুইজ / অসমৰ সাধাৰণ জ্ঞান 2021 / অসমীয়া সাধাৰণ জ্ঞান / অসমীয়া কুইজ


আজি এই Article ৰ যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে সম্পূৰ্ণ অসমীয়া ভাষাত অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ৩০ টা প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে। আশা কৰোঁ অনাগত দিনত তলৰ আটাইকেইতা প্ৰশ্নোত্তৰ সকলোৱেই সহায়ক হ'ব।



অসমৰ সাধাৰণ জ্ঞান ২০২১/ Assam General Knowledge 2021 / অসমীয়া সাধাৰণ জ্ঞান / অসমীয়া কুইজ


১. শংকৰদেৱৰ 'গুণমালা' গ্ৰন্হত কিমানটা পদ আছে?

উত্তৰ:- ৩৩৭ টা।


২. 'গুৰু ভটিমা' ৰ প্ৰৱৰ্তক কোন আছিল?

উত্তৰ:- মাধৱদেৱ।


৩. শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?

উত্তৰ:- চিহ্ন-যাত্ৰা।


৪. জয়ন্তী আলোচনীখনৰ সম্পাদক কোন আছিল?

উত্তৰ:- ৰঘুনাথ চৌধুৰী।


৫. অসমীয়া সাহিত্যত 'বকুলবন'ৰ কবি বুলি কোনজন সাহিত্যিকক জনা যায়?

উত্তৰ:- আনন্দ্ৰচন্দ্ৰ বৰুৱা।


৬. অসমৰ সৰ্বপ্ৰথম প্ৰাচীন জনগোষ্ঠীটোৰ নাম কি?

উত্তৰ:- অষ্ট্ৰিক।


৭. 'ভাষাৰ ওজা' বুলি অসমীয়া সাহিত্যত কাক কোৱা হয়?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা।


৮. আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল?

উত্তৰ:- যোৰহাট।


৯. প্ৰথম আহোম মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ:- জয়ধ্বজ সিংহ।


১০. কাৰ শাসনকালত আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ:- ৰুদ্ৰ সিংহ।


১১. পছোৱা কাকতৰ সম্পাদক কোন আছিল?

উত্তৰ:- হেম বৰুৱা।


১২. অসম দিৱস কোন তাৰিখত পালন কৰা হয়?

উত্তৰ:- ২ ডিচেম্বৰ।


১৩. শংকৰদেৱৰ বুঢ়ী মাকৰ নাম কি আছিল?

উত্তৰ:- খেৰসূতী।


১৪. কীৰ্তন কেইটা খণ্ডৰ সমষ্টি?

উত্তৰ:- ২৭ টা।


১৫. শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল?

উত্তৰ:- বেলগুৰি।


১৬. শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান আছিল?

উত্তৰ:- ৬।


১৭. উত্তৰাকাণ্ড কোনে ৰচনা কৰিছিল?

উত্তৰ:- শংকৰদে‍ৱ।


১৮. শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি?

উত্তৰ:- পাৰিজাত হৰণ।


১৯. বঢ়া পো বুলি কাক জনা যায়?

উত্তৰ:- মাধৱদেৱ।


২০. শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি?

উত্তৰ:- মন মেৰি ৰাম চৰণেহি লাগু।


২১. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্হিত?

উত্তৰ:- যোৰহাট।


২২. অসমত মধ্যাহ্ন ভোজন আচঁনি কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:- ২০০৫ চনৰ জানুৱাৰী মাহ।


২৩. প্ৰখ্যাত গায়ক খগেন মহন্তই অভিনয় কৰা বোলছবিখনৰ নাম কি?

উত্তৰ:- শকুন্তলা।


২৪. ধলা-শদিয়া দলংখন কোনখন নদীৰ ওপৰত অৱস্হিত?

উত্তৰ:- লুহিত।


২৫. কোনখন ঠাই পক্ষীৰ আত্মহনৰ বাবে বিখ্যাত?

উত্তৰ:- জাতিংগা।


২৬. অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকীৰ নাম কি?

উত্তৰ:- ভোগেশ্বৰ বৰুৱা।


২৭. ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰীয়পতি আছিল?

উত্তৰ:- ৫ তম।


২৮. সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?

উত্তৰ:- ১৪ তম।


২৯. কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ:- ১৯৯৯ চন।


৩০. সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?

উত্তৰ:- অঘৰী আত্মাৰ কাহিনী।


লগতে পঢ়ক:- অসমীয়া সাহিত্য কুইজ


Post a Comment

Previous Post Next Post