চৰ্দাৰ বল্লভভাই পেটেলৰ বিষয়ে ৰচনা / Sardar Vallabhbhai Patel Biography in Assamese

      

      নমস্কাৰ বন্ধু সকল। আজি আমি আলোচনা কৰিম এনে এজন লোকৰ বিষয়ে যি ভাৰতৰ অখণ্ডতা আৰু স্বাধীনতাৰ ক্ষেত্ৰত বহুত ডাঙৰ হাত আছিল। তেওঁ আছিল মানৱ  চৰ্দাৰ বল্লভভাই পেটেল। এই লেখাটোত তেওঁৰ বিষয়ে বিভিন্ন কথা যেনে-পৰিয়াল, শিক্ষা,জীৱনৰ উপলদ্ধি আৰু ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত থকা তেওঁৰ মহান অৱদানৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰিম।



চৰ্দাৰ বল্লভভাই পেটেলৰ আত্মজীৱনী / Sardar Vallabhbhai Patel ৰ জীৱন পৰিচয়


নাম: চৰ্দাৰ বল্লভভাই পেটেল

জন্ম তাৰিখ: ৩১ অক্টোৱৰ ১৮৭৫

জন্মস্থান: নাদিয়াদ গুজৰাট

পিতা: ছাৱেৰ ভাই  পেটেল

মাতা: লাৰা বাই

পত্নী: জাৱেৰবাই

উপাধি: লৌহ পুৰুষ

ৰাজনৈতিক দল: কংগ্ৰেছ

পদৱী: মুখ্যমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী

মৃত্যু: ১৫ ডিচেম্বৰ, ১৯৫০

আদৰ্শ: মহাত্মা গান্ধী


চৰ্দাৰ বল্লভভাই পেটেলৰ আত্মজীৱনী অসমীয়াত / Sardar Vallabhbhai Patel Biography in Assamese


        বল্লভভাই পেটেলৰ জন্ম ১৮৭৫ চনৰ ৩১ অক্টোৱৰ গুজৰাটৰ নাদিয়াতত হৈছিল। তেওঁৰ দেউতাক ছাৱেৰ ভাই পেটেল যি ঝান্সীৰ ৰাণীৰ এগৰাকী সৈনিক আছিল।আৰু মাতৃ লাৰা বাঈ এগৰাকী ধৰ্মপৰায়ণা গৃহিণী আছিল।

বল্লভভাই পেটেলে ইংলেণ্ডত নিজৰ আইন শিক্ষা গ্ৰহণ কৰে আৰু ৩ বছৰ পাছত ভাৰতলৈ ঘূৰি আহি গৈধৰাত ওকালতি আৰম্ভ কৰে।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ আটাইকেইতা আন্দোলনতে তেওঁৰ অৱদান অপৰিসীম। ইয়াৰ কাৰণে তেওঁ কেইবা বাৰো জেল খাটিবলগীয়া হৈছিল। কম সময়তে তেখেতে কংগ্ৰেছত যোগদান কৰে। আৰু ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে। বহুত দীঘলীয়া সময়ৰ বাবে তেখেতে কংগ্ৰেছৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰে। স্বাধীন ভাৰতৰ গৃহ মন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰীৰ পদৱীও তেখেতে বৰ সুন্দৰ কৈ চলাইছিল।


Sardar Vallabhbhai Patel Education / বল্লভভাই পেটেলৰ শিক্ষা:

       প্ৰাথমিক শিক্ষা গুজৰাটী ভাষাত গ্ৰহণ কৰা পাছত তেখেতে ইংৰাজী ভাষাত শিক্ষা গ্ৰহণ কৰে। ১৮৯৭ চনত দশম উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে আইন পঢ়াৰ ইচ্ছা কৰিলে। তেখেতৰ সৰুৰে পৰা ওকিল হোৱাৰ সপোন দেখিছিল। তেখেতে ১৯১০ চনত ইংলেণ্ড যায় আৰু আইন অধ্যয়ন কৰা আৰম্ভ কৰে। তাতো তেখেতে ৩৬ মাহৰ শিক্ষা মাত্ৰ ৩০ মাহতে শেষ কৰি পৰীক্ষাত বঢ়ে আৰু প্ৰথম স্থান অধিকাৰ কৰে। এটা দুখীয়া পৰিয়ালত জন্ম গ্ৰহণ কৰা বাবে তেখেতে কিতাপ ধাৰলৈ লৈ পঢ়িছিল কিন্তু মেধাৰ বলত তেখেতে ইছকলাৰশ্বিপ পায় আৰু বিদেশ যাবলৈ সক্ষম হয়।

১৯১৩ চনত প্ৰথমে গধৰা আৰু পাছত আহমেদাবাদত ওকালতি কৰে। তেওঁ ইংৰাজৰ তলত কাম কৰাৰ পক্ষপাতী নাছিল। 


Sardar Vallabhbhai Patel with Gandhiji


মহাত্মা গান্ধীয়েও বিদেশত আইন পঢ়ি আহিছিল। যেতিয়া তেওঁ গম পালে যে আৰু এজন বিদেশত আইন পঢ়ি আহিছে তেতিয়া তেওঁ নিজেই তেওঁক লগ কৰিবলৈ যায়।

বাপুয়ে সদায় সাধাৰণ ধূতি পৰিধান কৰিছিল।যেতিয়া তেওঁ প্ৰথম দেখে পেটেলৰ বিশ্বাস হোৱা নাছিল যে সেয়া গান্ধীয়ে আছিল।

গান্ধী জীৰ যেতিয়া মন্ত্ৰ মুগ্ধ কৰি দিয়া কথা শুনে তেতিয়াই তেখেতে ৰাষ্ট্ৰীয়হীতৰ বাবে কাম কৰা আৰম্ভ কৰে।


পেটেলে গান্ধী জীৰ দ্বাৰা পৰিচালিত বিভিন্ন আন্দোলন আৰু সত্যাগ্ৰহত ভাগ লয় আৰু আজীৱন তেওঁক সমৰ্থন কৰি যায়।


Sardar Vallabhbhai Patel contribution

     তেওঁ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ উদেশ্য আছিল ভাৰতক স্বতন্ত্ৰ ৰাষ্ট্ৰৰ ৰুপ দিয়া। তেওঁ নিম্নলিখিত আন্দোলন সমুহত সক্ৰয় আছিল।

১৯২৮ চনত বৰদৌলি সত্যাগ্ৰহৰ ভাবে বৃটিছে কৃষকৰ মাটি কাঢ়ি লৈছিল তেতিয়া পেটেলে পুনৰ সত্যাগ্ৰহ আৰম্ভ কৰি কৃষকক মাটি ঘুৰাই দিছিল।

১৯৩০চনত গান্ধী জীয়ে লোন অমান্য আন্দোলন আৰম্ভ কৰে আৰু পেটেলে ইয়াত ভাগ লয়। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি ভাষন প্ৰদান কৰে আৰু ইয়াৰ বাবে তেওঁ কাৰাৰুদ্ধ হ'ব লগা হয়। যদিও তেওঁক ১৯৩১ চনত মুক্তি দিয়ে ।


১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় আৰু তেওঁ তাতো ভাগ লয়। কিন্তু নেহেৰুৰ সৈতে তেওঁৰ মতভেদ ঘটে। কিয়নো নেহেৰু আছিল সমাজৰ্বাদী। কিন্তু পেটেল আছিল ৰ্স্বতন্ত্ৰ। তেওঁ ভাৰতৰ বিভাজন ৰুধিবলৈ বহুতো চেষ্টা কৰে যদিও অপাৰগ হয়।


লগতে পঢ়ক অসমীয়াত: Dhirubhai Ambani Biography in Assamese 


Political Career / ৰাজনীতি জীৱন:

      তেওঁৰ ৰাজনৈতিক জীৱন উজ্জ্বল আছিল। তেওঁ বিভিন্ন পৰিস্থিতিত মোকাবিলা কৰাৰ লগতে ১৯১৭চনত গুজৰাট মহাসভাৰ সচিব হোৱাৰ সুবিধাও পাইছিল।

এবাৰ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মহাসভাত মুখ্য ভূমিকা পালন কৰিছিল। কৰাচীত অনুষ্ঠিত হোৱা এই অধিৱেশনৰ মুখ্য উদ্দেশ্য আছিল অৰ্থনৈতিক সুবিধাৰ ওচৰত আলোচনা কৰা।

১৯৪৬ চনত কংগ্ৰেছৰ সচিব পদৰ বাবে এটা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল আৰু চৰ্ত ৰখা হৈছিল যে জিকা জনেই স্বাধীন ভাৰতৰ প্ৰধান মন্ত্ৰী হ'ব। উক্ত নিৰ্বাচনত পেটেলে ১৬ তাৰ ভিতৰত ১৩ টা ভোট লাভ কৰি উক্ত পদ অলংকৃত কৰাটো নিশ্চিত হৈছিল, কিন্তু মহাত্মা গান্ধীয়ে বাধা দিয়াত তেওঁ দুইটা পদৰ পৰা আঁতৰি আহিব লগাত পৰিছিল। আৰু গান্ধী জীয়ে উক্ত পদ দুটা নেহেৰুক অৰ্পণ কৰে । 

১৯৪৭ চনত তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।


Sardar Vallabhbhai Patel Achievement

        প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বেলেগ বেলেগ ৰজাৰ শাসন চলিছিল কিন্তু যেতিয়া ভাৰতৰ বিভাজন হল তেতিয়া বৃটিছে সকলো ৰাজ্যকে তিনিটা উপায় দিলে যে হয় ভাৰতৰ লগত লগ হক নহয় পাকিস্তানৰ লগত নক্ষলে স্বতন্ত্ৰ থাকক।এই সময়তে পেটেলে ৫৬২ টুকুৰা হৈ থকা ৰাজ্য খণ্ডক লগ লগাই বিশাল ভাৰতৰ ৰচনা কৰে। ইয়াৰ বাবে তেওঁক লৌহ পুৰুষ উপাধিৰে বিভূষিত কৰা হৈছিল।


Death of sardar Vallabhbhai Patel

        ১৯৫০চনত তেওঁৰ শাৰিৰীক ভাৱে স্বাস্থ্য ভাগি পৰাত উক্ত চনৰে ১৫ ডিচেম্বৰ তাৰিখে তেওঁৰ মৃত্যু ঘটে। বিশাল ব্যক্তিত্বৰ বাবে জনাজাত পেটেলে জীৱিত কালত কেইবাটাও বিৰাট সিদ্ধান্ত ৰাষ্ট্ৰীয় হীটৰ বাবে লৈছিল।


Sardar Vallabhbhai Patel Jayanti Date

        আমি পঢ়িলোঁ যে তেওঁৰ ভাৰতৰ অখণ্ডতাৰ কাৰণ আছিল সেয়ে ২০১৪ চনত ৩১ অক্টোৱৰ দিনটোত ৰাষ্ট্ৰীয় অখণ্ডতা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।


Sardar Vallabhbhai Patel statue

         তেওঁৰ মহান অৱদানৰ সন্মান জনাই গুজৰাটত Statue of Unity নিৰ্মাণ কৰা হয়। য'ত বছৰি লাখ লাখ পৰ্যটক ফুৰিবলৈ আহে। এই মূৰ্তি বিশ্বৰ সকলোতকৈ ওখ মূৰ্তি। প্ৰায় ১৮২ মিটাৰ অৰ্থাৎ ৫৯৭ ফুট।


বল্লভভাই পেটেলৰ বিষয়ে জানিবলগীয়া  তথ্য: 


> পেটেলে গান্ধীক নিজৰ আদৰ্শ আৰু গুৰু মানিছিল। 

>তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী আৰু উপপ্ৰধানমন্ত্ৰী। 

> একমাত্ৰ গান্ধীৰ বাবেই তেওঁ প্ৰধান মন্ত্ৰীৰ পদ পৰিহাৰ কৰিছিল। 

>তেওঁক লৌহ পুৰুষ আৰু ভাৰতৰ চৰ্দাৰ উপাধিৰে জনা যায়। 

>তেওঁ শিক্ষা ইংলেণ্ডত গ্ৰহণ কৰিছিল।

>সংবিধান প্ৰণয়ন কৰিবলৈ ভীম ৰাও আম্বেদকাৰৰ নাম তেওঁই প্ৰথম লৈছিল।

>১৯৯১ ত ভাৰত চৰকাৰৰ পৰা "ভাৰতৰত্ন" সন্মান গ্ৰহণ।

>এখেতৰ জন্ম দিন ৩১ অক্টোৱৰ দিনটোত "ৰাষ্ট্ৰীয় একতা দিৱস" হিচাপে পালন কৰা হয়।

>জৱহৰলাল নেহৰুৱে এখেতক সৰু ভাইটি আৰু এখেতে তেখেতক ডাঙৰ ককাইদেউ বুলি সন্মান কৰিছিল। 

>বল্লভভাই পেটেলৰ মৃত্যু পিছত ঘৰৰ সকলো দায়িত্ব জৱহৰলাল নেহৰুে লৈছিল। 

লগতে পঢ়ক অসমীয়াত : Indian Woman Athlete Dutee Chand Biography in Assam


Sardar Vallabhbhai Patel Biography in Assamese / বল্লভভাই পেটেলৰ জীৱন চৰিত্ৰ

      আমি বল্লভভাই পেটেলৰ জীৱনী বিস্তাৰিত ভাৱে পঢ়িলোঁ। আশা কৰোঁ আপোনালোকে তেওঁৰ জীৱনীৰ পৰা অলপ হ'লেওঁ কিবা এটা অনুপ্ৰেৰণা পালে।

       যদিহে লেখাটো পঢ়ি ভাল পালে তেন্তে কমেন্ট কৰি নিশ্চয় জনাব আৰু লগতে আপোনালোকৰ সকলো বন্ধু-বান্ধৱী লৈ এই লেখাটো শ্বেয়াৰ কৰি তেখেত লোককো পঢ়িবলৈ দিয়ে যেন।

ধন্যবাদ


Post a Comment

Previous Post Next Post